জুবিনৰ শেষ সময়ৰ অজানা কথা! A2Z ক’লে অভিমন্যু তালুকদাৰে!

গুৱাহাটী: জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যুৰ ঘটনাক লৈ ন্যায়িক আয়োগৰ সন্মুখত অভিমন্যু তালুকদাৰে দিয়া বক্তব্যক কেন্দ্ৰ কৰি কেইবাটাও বিষয় চৰ্চালৈ আহিছে। তেওঁৰ বক্তব্য অনুসৰি, জুবিন গাৰ্গৰ শিল্পী হিচাপে বিশাল পৰিচয় আৰু তেওঁৰ সংগীতজগতৰ অৱদানৰ বিষয়ে তেওঁ পূৰ্বতে সম্পূৰ্ণৰূপে অৱগত নাছিল।

অভিমন্যু তালুকদাৰে উল্লেখ কৰা অনুসৰি, ছিংগাপুৰত জুবিন গাৰ্গক লগ পোৱাৰ পাছতহে তেওঁ জুবিন যে যথেষ্ট পঢ়া-শুনা কৰা ব্যক্তি আছিল, সেই বিষয়ে উপলব্ধি কৰিছিল। আনহাতে, জুবিনৰ মৃত্যুৰ পাছতহে জুবিনে প্ৰায় ৪০ হাজাৰ গান গোৱাৰ কথা জানিব পৰা বুলি তেওঁ কয়।

তালুকদাৰৰ বক্তব্য অনুসৰি, অসমত প্ৰায় দুবছৰ থকাৰ সময়ছোৱাত তেওঁ শিল্পী হিচাপে মূলতঃ জিতুল সোণোৱালকহে চিনিছিল। জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়েও তেওঁ অৱগত নাছিল বুলি জানিবলৈ দিয়ে।

য়ট পাৰ্টীৰ আয়োজনক লৈ কি ক’লে?


অভিমন্যু তালুকদাৰৰ বক্তব্য অনুসৰি, জুবিন গাৰ্গৰ সৈতে জড়িত য়ট পাৰ্টীৰ আয়োজক আছিল তন্ময় ফুকন। পাৰ্টীৰ সময়ত জুবিনৰ সৈতে তেওঁৰ কথোপকথনো হৈছিল বুলি তেওঁ উল্লেখ কৰে।

তেওঁৰ মতে, সেই সময়ত জুবিন গাৰ্গে অসমৰ ইতিহাস, কলা আৰু সংস্কৃতিৰ বিষয়ে বহু কথা কৈছিল।

দ্বিতীয়বাৰ সাগৰত নামোতে লাইফ জেকেট নাছিল


অভিমন্যু তালুকদাৰৰ বক্তব্য অনুসৰি, জুবিন গাৰ্গে দ্বিতীয়বাৰ সাগৰত নামোতে লাইফ জেকেট পৰিধান কৰা নাছিল। তেওঁৰ সৈতে প্ৰতীম নামৰ ছিংগাপুৰৰ এজন লোকো পানীত নামিছিল বুলি তেওঁ উল্লেখ কৰে।

অৱশ্যে, জুবিনক শেষ মুহূৰ্তত তেওঁ সঠিকভাৱে কেনেদৰে বিচাৰি পাইছিল, সেই বিষয়টো স্পষ্টকৈ প্ৰকাশ কৰা নাছিল বুলি এই বক্তব্যত উল্লেখ কৰা হৈছে।

উদ্ধাৰ আৰু চিকিৎসাৰ সময়ক লৈ বক্তব্য


তালুকদাৰৰ বক্তব্য অনুসৰি, জুবিন গাৰ্গ পানীত ডুব যোৱাৰ প্ৰায় ১০ মিনিটৰ ভিতৰত CPR প্ৰদান কৰা হৈছিল। তাৰ পাছত চিকিৎসালয়লৈ নিবলৈ প্ৰায় আধা ঘণ্টা সময় লাগিছিল বুলিও তেওঁ উল্লেখ কৰে।

সুৰাৰ বটল যোগানৰ বিষয়েও বক্তব্য


অভিমন্যু তালুকদাৰৰ বক্তব্যত ১৭ ছেপ্টেম্বৰত শ্যামকানুৰ নিৰ্দেশত সুৰাৰ বটল যোগান ধৰাৰ কথাও উল্লেখ কৰা হৈছে। তেওঁৰ বক্তব্য অনুসৰি, শ্যামকানুৰ নিৰ্দেশতে সুৰাৰ বটলটো তেওঁ যোগান ধৰিছিল।


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *