শিৱসাগৰ: শেহতীয়া বানপানীত শিৱসাগৰ আৰু চৰাইদেউ জিলাত ব্যাপক ক্ষতি হোৱাৰ দাবীৰ মাজতে বানপীড়িত ৰাইজৰ বিভিন্ন দাবীক লৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আটাছুৱে।
আটাছুৰ সভাপতি বসন্ত গগৈৰ মতে, বানপীড়িত পৰিয়ালসমূহে এতিয়াও দুখ-কষ্টৰ মাজেৰে দিন কটাবলগীয়া হৈছে। সেয়ে উপযুক্ত সাহায্য, ক্ষতিপূৰণ আৰু বান প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ দাবীত আন্দোলন অব্যাহত ৰখাৰ কথা ঘোষণা কৰা হৈছে।
১৫ হাজাৰ টকাৰ সাহায্যৰ দাবী
শিৱসাগৰত ১০ তাৰিখে হাজাৰ হাজাৰ বানপীড়িত লোকক লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক ১৫ হাজাৰ টকাৰ সাহায্য শীঘ্ৰে প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হৈছিল।
৫,৬১১খন চেক অহাৰ দাবী
দাবী অনুসৰি, প্ৰতিবাদৰ পাছত শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ ৫,৬১১খন চেক আহিছে।
বানপীড়িত লোকসকলৰ মাজত পৰ্যায়ক্রমে এই সাহায্য বিতৰণ কৰা হ’ব বুলি জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে । কিন্তু এই পৰ্যন্ত বহু লোকে লাভ কৰা নাই সাহাৰ্য।
২১ তাৰিখে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ
অহা ২১ তাৰিখে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰা হৈছে।
যিসকল বানপীড়িত পৰিয়ালে এতিয়াও চৰকাৰী সাহায্য লাভ কৰা নাই, তেওঁলোকক প্ৰয়োজনীয় নথি-পত্ৰ লগত লৈ আহি জমা দিবলৈ আহ্বান জনোৱা হৈছে।
এই নথি-পত্ৰসমূহ জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দি যোগ্য পৰিয়ালসমূহক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰা হ’ব বুলি কয় আটাছুৰ সভাপতিগৰাকীয়ে ।
১৮ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ দাবী
ভৱিষ্যতে পুনৰ বানপানী আহিলে পৰিস্থিতি যাতে অধিক ভয়ংকৰ নহয়, তাৰ বাবে দিখৌ নদীৰ উন্মুক্ত অংশত মথাউৰি নিৰ্মাণৰ দাবী উত্থাপন কৰা হৈছে।
প্ৰায় ১৮ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম বিজ্ঞানসন্মত পদ্ধতি আৰু নতুন প্ৰযুক্তিৰে কৰাৰ প্ৰয়োজন।
পুৰণি মথাউৰিসমূহৰ কাৰ্যক্ষমতা পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি পুনৰ নিৰ্মাণৰ দাবীও জনোৱা হৈছে।
দৰিকাৰ মথাউৰিৰ ওপৰতো গুৰুত্ব
দৰিকা নদীৰ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰতো IITৰ বিশেষজ্ঞক জড়িত কৰাৰ দাবী উত্থাপন ।
বিজ্ঞানসন্মত পৰিকল্পনা আৰু আধুনিক প্ৰযুক্তিৰে মথাউৰি নিৰ্মাণ কৰি স্থানীয় ৰাইজক আশ্বস্ত কৰাৰ আহ্বান জনোৱা হৈছে।
ফ্লাড গেট পুনৰ নিৰ্মাণৰ দাবী
শিৱসাগৰ জিলাৰ বিভিন্ন ফ্লাড গেট বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণৰ বাবেও দাবী উত্থাপন কৰা হৈছে।
ইয়াৰ লগতে ৰূপহী জান বেদখলমুক্ত কৰি জলপথৰ স্বাভাৱিক প্ৰবাহ নিশ্চিত কৰাৰ দাবী জনোৱা হৈছে।
১০ হাজাৰ কোটি টকাৰ পেকেজৰ দাবী
বানপীড়িত শিৱসাগৰ আৰু চৰাইদেউৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰাৰ দাবীও উত্থাপন কৰা হৈছে।
কেৱল তাৎক্ষণিক সাহায্যই যথেষ্ট নহয়; বান প্ৰতিৰোধ, মথাউৰি নিৰ্মাণ, নদী-জানৰ বেদখলমুক্তকৰণ আৰু পুনৰ সংস্থাপনৰ বাবে দীৰ্ঘম্যাদী ব্যৱস্থা প্ৰয়োজন।
৩ অক্টোবৰত ‘দিছপুৰ চলো’
আগন্তুক সময়ত পুনৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে সংগঠনটোৱে।
৩ অক্টোবৰত শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত জনসাধাৰণক লৈ ‘দিছপুৰ চলো’ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা জনোৱা হৈছে।
বানপীড়িত লোকসকলক উচিত ক্ষতিপূৰণ, ১০ হাজাৰ কোটি টকাৰ পেকেজ, মথাউৰি আৰু ফ্লাড গেট নিৰ্মাণৰ বিষয়ে চৰকাৰৰ পৰা স্পষ্ট প্ৰতিশ্ৰুতি নোপোৱালৈ আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে আটাছুৰ সভাপতিগৰাকীয়ে।
